ব্যৱধান-আমাৰ আৰু আধুনিকতাৰ





বিশ্বজুৰি স্বীকৃত হোৱা বংশগতি বিজ্ঞানৰ অধ্যয়ন আৰু জীৱাষ্ম সাক্ষ্যৰ ভিত্তিত মানৱ সৃষ্টিৰ Recent African Origin of Modern Human's model তথা Out-of-Africa Model অনুসৰি Archaic Homo-sapience পৰা বিৱৰ্তনৰ মাধ্যমেৰে ,০০,০০০ পৰা ,০০,০০ বছৰ পূৰ্বে আফ্ৰিকাৰ প্ৰথম আধুনিক মানুহ (Anatomically Modern Humans) সৃষ্টি হৈছিল বিদ্যায়তনিক ক্ষেত্ৰত প্ৰদত্ত মানৱ সৃষ্টিৰ মতবাদটো RSON–Recent Single Origin Hypothesis আৰু RAO–Recent African Origin মতবাদ হিচাপে ব্যৱহৃত হয় সি যি কি নহওক মানৱ সৃষ্টিৰ পাছৰ ৫০,০০০ বছৰ সময় মানুহ একপ্ৰকাৰৰ বন্য প্ৰাণীয়েই আছিল প্ৰায় ১০,০০০ বছৰৰ পূৰ্বেই মানৱ বিৱৰ্তনৰ ইতিহাসত সেই মুহূৰ্তটোৰ আৰম্ভণি হৈছিল, যি সময়ৰ পৰা মানৱ জাতি কৃষি কাৰ্যৰ সৈতে জড়িত হৈছিল আজিৰ এই একবিংশ শতিকাত মানৱ সভ্যতা বিৱৰ্তন আৰু উত্তৰণৰ মাধ্যমেৰে এনে পৰ্যায়ত উপনীত হৈছেহি যি সময়ত আমি নিজকে আধুনিক বুলি অভিহিত কৰিবলৈ সক্ষম হৈছোঁ পৃথিৱীৰ উন্নত সভ্যতাসমূহক পৃথককৈ ৰাখি অসমৰ প্ৰেক্ষাপটতআধুনিকতাপ্ৰসংগটো কিছু বিচাৰ-বিশ্লেষণ কৰা হওক অশিক্ষিত চামক বাদ দিছোঁ আমি আধুনিক শিক্ষাৰে শিক্ষিত তথাকথিত নৱপ্ৰজন্মৰ শিক্ষিতসকলে বাৰু নিজকে একবিংশ শতিকাৰ আধুনিক মানুহ বুলি নিঃসংকোচে পৰিচয় প্ৰদান কৰিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত নে? 

সম্প্ৰতি আমি Puma, Reebok, Leecopper দৰে আন্তৰ্জাতিক ব্ৰেণ্ডৰ কাপোৰ পৰিধান কৰিছোঁ পাশ্চাত্যৰ অনুকৰণেৰে Mini Skirt পিন্ধিছোঁ যদিও আমাৰ পৰিৱেশ আৰু স্বাস্থ্যৰ অনুকূল নহয় তথাপি আমি KFC Dommino's Pizza সোৱাদ লৈছোঁ, বিলাসী সুৰাৰ আমেজ লৈছোঁ, Fast food দোকানত ভিৰ কৰিছোঁ মাতৃভাষাৰ প্ৰতি চূড়ান্ত অনীহা প্ৰদৰ্শনেৰে পৰোক্ষভাৱে নিজকে ইংৰাজীভাষী সাজি আনন্দিত হৈছোঁ ইণ্টাৰনেটৰ ধনাত্মক আৰু ঋণাত্মক ব্যৱহাৰেৰে নিজৰ নাম -বিশ্বত লিপিবদ্ধ কৰিছোঁ বাইক ষ্টাণ্টেৰে প্ৰদৰ্শন কৰিছোঁ আমাৰ দুঃসাহসিকতা হানী সিঙৰ ব্লু-আইজৰ লহৰত মুখৰ হৈ পৰা নৈশ বাৰ, ডিস্ক আমাৰ উদ্দাম নৃত্য ইয়াৰ পিছতো কি আমি আধুনিক নহয়? আধুনিক নহয় আমাৰ যুৱ প্ৰজন্ম? যদি আধুনিক নহয়, কিয় নহয়? যদিও আমি স্বীকাৰ কৰিবলৈ টান পাম, উপৰোক্ত প্ৰটোৰ শুদ্ধ উত্তৰ নেতিবাচকেই আমি পাশ্চাত্যৰ অনুকৰণ কৰিছোঁ, পাশ্চাত্যৰ উন্নত সভ্যতাসমূহৰ ধ্যান-ধাৰণা, আদৱ-কায়দা অনুকৰণ কৰিব পৰাকৈ আমি যে সক্ষম সেইটো আমাৰ বাবে একপ্ৰকাৰৰ গৌৰৱৰ কথা কিন্তু আমি কেৱল অনুকৰণ কৰিছোঁ পাশ্চাত্যৰ বিলাসীতাক, বাহ্যিকতাক পাশ্চাত্যৰ অনুকৰণেৰে যদি আমি আধুনিক খোজো তেন্তে আমি পাশ্চাত্যৰ বৌদ্ধিক অনুকৰণ কৰিব লাগিব আমেৰিকাৰ মানুহৰ দৰে থাকিব লাগিব অধ্যয়ন স্পৃহা, ইংৰাজৰ দৰে লাগিব কৰ্মস্পৃহা কিন্তু তাৰ পৰিৱৰ্তে আমি ভোগ বিলাসত অপচয় কৰিছোঁ হাজাৰ হাজাৰ মানৱ ঘণ্টা (Human hour) আমি পাশ্চাত্যৰ ষ্টাণ্ট কাল্চাৰক আদৰি লৈছোঁ, কিন্তু আদৰি লোৱা নাই চাইকেল সংস্কৃতিক আমি কোট-টাইৰে নিজকে সুসজ্জিত কৰি তোলাত অকণো কৃপণালী কৰা নাই কিন্তু সমান্তৰালভাৱে আমি পৰিধান কৰি আছোঁ অন্ধবিশ্বাসৰ পোছাক আমি বস্তুবাদী বলৈ শিকিছোঁ, কিন্তু যুক্তিবাদী বলৈ শিকা নাইবৈজ্ঞানিক মানসিকতাবহু দূৰৰ কথাআমি আধুনিক খোজো নিজকে আধুনিক বুলি অভিহিত কৰি সন্তুষ্টি লভো কিন্তু আমি প্ৰকৃত অৰ্থত আধুনিক হোৱাৰ পথত উপৰোক্ত ধৰণৰ বহু সংখ্যক প্ৰতিবন্ধকতা আছে আমাৰ এই দুৰ্বলতাৰ কু-প্ৰভাৱ সমাজ, সামাজিক মূল্যবোধ, সংস্কৃতি, ৰাজনীতি তথা অৰ্থনীতিৰ সামগ্ৰিক অগ্ৰগতিৰ ওপৰতো পৰিছে যাৰ পৰিণতিত আমি আজি এখন উন্নয়নশীল দেশৰ বাসিন্দা, তৃতীয় বিশ্বৰ অধ্বসী দুটাকৈ পাৰমাণৱিক বোমাৰে বিধ্বস্ত হোৱাৰ পিছতো নাগৰিকসকলৰ অদমনীয় উদাম আৰু কৰ্মস্পৃহাৰ বলত আজি জাপান বিশ্বৰ এখন উন্নত ৰাষ্ট্ৰ গোলকীকৰণৰ প্ৰেক্ষাপটতো চীন নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সদা সচেতন এনেধৰণৰ আদৰ্শবোৰ আমাৰ অনুকৰণীয় তেতিয়াহে অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষ  তথা অসম  উন্নত হিচাপে বিবেচিত  আৰু এই বিকাশ কেৱল GDP, GNP বৃদ্ধিতে সীমাৱদ্ধ নাথাকি প্ৰতিজন ব্যক্তিৰ বিকাশ এইক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মইয়ো নিজৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে এই সপোন বাস্তৱায়িত

No comments:

Post a Comment